Protishruti歌词由Uddiptasarmamusical演唱,出自专辑《Protishruti》,下面是《Protishruti》完整版歌词!
Protishruti歌词完整版
সাঁচিপাতত সাঁচি ৰখা কাহিনী
লিখি থৈছিলো তাতে আমাৰ জীৱনী
শুনাবলৈ নাই যে কোনো লগৰী
কোনে দিব আজি মোক সহাঁৰি
দিচিলো তোমাক মই প্ৰতিশ্ৰুতি
চিৰকাল ৰাখিম বুকুতে সাৱটি
সকলো পাহৰি গʼলা তুমি আঁতৰি
বুজিও নুবুজাৰ অভিমান কৰি
সপোন হৈ আহিছিলা দুচকুলে
ছাঁয়া হৈ ৰলা কাষৰতে
আশা হৈ আহিছিলা জীৱনলে
স্মৃতি হৈ ৰলা মনতে
তোমাৰ কথা ভাবিলে আহে চকুলো নিগৰি
ভবাই নাছিলো এইদৰে যাবা হৃদয় ভাঙি
তুমি নাভাবিলেও মোৰ জীৱনৰ সংগী তুমি
তুমি থকাৰ বাবেই জীৱনে আছিল হাঁহি
দিচিলো তোমাক মই প্ৰতিশ্ৰুতি
চিৰকাল ৰাখিম বুকুতে সাৱটি
সকলো পাহৰি গʼলা তুমি আঁতৰি
বুজিও নুবুজাৰ অভিমান কৰি