Bondhu Koi De歌词由Raaj J Konwar&Kalparanjan Hazarika演唱,出自专辑《Bondhu Koi De》,下面是《Bondhu Koi De》完整版歌词!
Bondhu Koi De歌词完整版
বন্ধু কৈ দে কিহৰ এই হুমুনিয়াহ ?
সপোন ভাঙি গ'লেও তই ভাগি নপৰিবি,
নতুন নতুন সপোন আকৌ গঢ়িবি।
বন্ধু কৈ দে কৈ দে...
বন্ধু, সুখে-দুখে মিলিয়েই জীৱন,
বন্ধু, হাঁহি অশ্ৰুৰ সংমিশ্ৰন।
বন্ধু, পোৱা-নোপোৱাৰে জানো জোখে জীৱন?
বন্ধু, জীয়াবলে অলেখ কাৰণ।।
অ' বন্ধু ধেৎ নপলাবি নাহাৰিবি কৈ দে...
অ' বন্ধু এৰি নিদিবি গুচি নাযাবি কৈ দে...
বন্ধু, শেষ বুলিলেই জানো শেষ হয়?
বন্ধু,শেষৰ শেষত নতুনৰ উদয়।
বন্ধু, জীৱন যুঁজৰ যুঁজাৰু তই,
বন্ধু, নিৰাশাক কৰিবি জয়।।
অ' বন্ধু ধেৎ নপলাবি নাহাৰিবি কৈ দে...
অ' বন্ধু এৰি নিদিবি গুচি নাযাবি কৈ দে...
বন্ধু কৈ দে, কৈ দে....!!